চুডাংফা
চুডাংফা বা ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡, ইংৰাজী: Chaupha Siu-Dang-Pha)আহোম ৰাজ্যৰ অষ্টমজন স্বৰ্গদেউ আছিল। তেওঁ অসমত ১৩৯৭ চনৰ ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল।[1] তেওঁৰ পিতৃ আছিল ত্যাও খামটি আৰু মাতৃৰ নাম আছিল ঘূগু কুঁৱৰী। তেওঁৰ পত্নীৰ নাম আছিল ছাও নাঙছেঙ। তেওঁ শিৱসাগৰৰ দিহিং নদীৰ ওচৰৰ চৰগুৱাত ৰাজধানী পাতিছিল। এওঁৰ দিনত ৰাজমাও আলি নিৰ্মাণ কৰা হৈছিল।[2] প্ৰাৰম্ভিক জীৱন
জন্মঅতিৰিক্ত তথ্য: ঘুগুহা দৌল
আহোম পৰিয়াললৈ পুনৰ গমনত্যাও খাম্টিৰ মৃত্যুৰ পিছত আঠ বছৰ ধৰি আহোম ৰাজ সিংহাসন খালী হৈ আছিল। ডাঙৰীয়াসকলে স্বৰ্গদেউৰ উপযুক্ত লোক বিচাৰি পোৱা নাছিল। এদিনাখন থাও চ্যেও-খেন নামৰ বিষয়া এজনে গৰু বিনিময় কৰিবলৈ যাওঁতে হাবুঙত তেওঁক লগ পায়।[9] ৰাজচিহ্ন যুক্ত বা ডাঙৰ গোষ্ঠীৰ ল'ৰা থকাৰ সম্ভেদ পায় থাও চ্যেও-খেনে অনুসন্ধান কৰি ত্যাও খাম্টিৰ সৰু কুঁৱৰী ঘুগুৰ সন্তান বুলি গম পায়।[9][10] সেই কথা আহি থাও-লুং আৰু ফ্ৰুং-মূঙ নামৰ বিষয়া দুজনক জনালে।[9] তেওঁলোকে এখন মেল পাতি তেওঁক পৰিয়াললৈ ঘূৰাই অনাৰ সিদ্ধান্ত লয়।[9] সেই মতে তেওঁলোকক মতাই আনি স্বৰ্গদেউ হোৱাৰ উপযুক্ত যেন দেখি তেওঁকেই লাকনি ৰুংকেও নামৰ বছৰত (১৩৯৭ খ্ৰীষ্টাব্দত) স্বৰ্গদেউ পাতে।[9] স্বৰ্গদেউ হৈ তেওঁ ত্যাওফ্ৰচুডাং নাম লয়[10] আৰু চৰগুৱাত ৰাজধানী পতাৰ লগতে শিঙ্গৰি ঘৰত উঠি সোণৰ আৰু ৰূপৰ মোহৰ মাৰে।[4] ৰাজত্বকালপাটকাই সন্ধিচুদাংফাই ৰজা হৈ আহোম ৰাজধানী চৰাইদেউৰ পৰা তিপমীয়াসকলৰ বাসস্থানৰ অন্তৰ্ভুক্ত ঠাই চৰগুৱালৈ তুলি নিয়ে।[9] তেওঁক লালন পালন কৰা বামুণ পৰিয়ালক নিজৰ লগত লৈ অনাৰ বাবে তিপমীয়া পৰিয়াল সকলে বিদ্ৰোহ কৰে।[4] [9]এওঁৰ দিনৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায়।[11] তাও ব্লাক-চেঙ নামৰ এজন তিপমীয়া পলাই গৈ মু'ঙ মাও ৰাজ্যৰ শাখা ৰাজ্য মু'ঙ কৌঙ ৰাজ্যৰ (বৰ্তমানৰ ছান ৰাজ্যৰ এখন চহৰ) শাসক চাওলুং চ্যু-ৰেন-ফাৰ ওচৰত আশ্ৰয় লয়।[9] খিলিমি বা ডফলা সকলে চুডাংফাক জনাই যে তিপমীয়া সকলে তেওঁক হত্যাৰ পাং পাতিছে।[12] চুডাংফাই এই কথা গম পাই ডফলাসকলক এটা মহ মাৰি ভুজ দিয়ে।[12] তেওঁ পাছত আহোমসকলৰ ধৰ্মীয় নিয়ম মানি এটা বগা মহ বলি দি ভোজ পাতি তিপমীয়াসকলক নিমন্ত্ৰণ কৰে আৰু ৰাতি ভাত খাবলৈ বহোঁতেই মুখিয়াল তথা বলৱান ভালেকেইজনক হত্যা কৰায়।[12] তেওঁ এই ঘটনাৰ পাছতে তিপমীয়াগোঁহাইৰ জীয়ৰী চাও নাঙছেঙক বিয়া কৰোৱাই।[12] ৰজাৰ কাৰেঙত ৰাতি ভোজন কৰাৰ সময়ত ত্যাওচুলাইক ৰাণী নাঙছেঙে অলপ চাই।[12] উত্তৰ হিচাপে ত্যাওচুলাই ঘৰ পাই লিকচৌ হতুৱাই কুঁৱৰীলৈ বাখৰপতা আঙুঠি এটা দি পঠায়।[5] লিকচৌৱে এই কথা চুডাংফাক কয়।[10] ত্যাওচুলাই এই কথা জানি ভয় খাই; তিপামৰ কোঁৱৰ আৰু টেমেৰা নামৰ এজন ব্যক্তিৰ সৈতে মিলি বিদ্ৰোহ কৰে।[4][5] ত্যাওচুলাই মু'ঙ কৌঙ ৰাজ্যৰ শাসক চাওলুং চ্যু-ৰেন-ফাৰ ওচৰত আশ্ৰয় লয় আৰু তেওঁক জনাই যে অসমৰ স্বৰ্গদেউ টাই-আহোম বংশৰ নহয়।[12] এই কথা গম পাই চ্যু-ৰেন-ফাই তাচিনপাও বৰগোঁহাই নামৰ বিষয়া এজন অসমলৈ পথায়।[12] সেই অনুসৰি তাচিনপাও বৰগোঁহাই নামি আহি টিপামৰ কুহিয়াৰবাৰীৰ ওচৰত চাউনী পাতে।[12] খবৰ পাই চাওফা চুদাংফাই পাও-ৰিন নামৰ হাতীটোৰ পিঠিত উঠি কুহিৰবাৰীত তাচিনপাও বৰগোঁহাইক লগ কৰিবলৈ গ'ল।[12] তাত যুঁজ হওঁতে চাওফা চুদাংফাই সামান্য আঘাত পাইছিল।[12] পৰাস্ত হৈ তাচিনপাও বৰগোঁহাই পিছুৱাই গ’ল।[13] দুয়োপক্ষই ড'য় কাও-ৰেঙ পৰ্বতকে সীমা নিৰ্ধাৰণ কৰি নং-জাঙ হ্ৰদৰ পাৰত কাই ছেঙ মু'ঙ পৰম্পৰা পালন কৰি কুকুৰা কাটি শপত খাই যে নিজৰ টাই জাতিৰ মাজত কাহিনীও যুদ্ধ নকৰে আৰু পাটকাই পৰ্বতক দুয়োখন মু'ঙ, অসম আৰু মু'ঙ কৌঙৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হয়।[13] টাই-আহোম ভাষা অনুসৰি পাট মানে কটা আৰু কাই মানে কুকুৰা। তেতিয়াৰে পৰা এই পৰ্বতৰ নাম পাটকাই হয়।[4][5] কমতা ৰাজ্যৰ সৈতে মিত্ৰতাচাওলুং চ্যু-ৰেন-ফাৰ সৈতে চুডাংফাৰ মিত্ৰতা হোৱাত ত্যাওচুলাই কমতা ৰজাৰ কাষ চাপে। কমতেশ্বৰে ত্যাওচুলাইক এৰি দিবলৈ অমান্তি হোৱাত চুডাংফাই টা-ছান-বিং বুঢ়াগোহাঁই অধীনত এদল সৈন্যক কমতাপুৰ আক্ৰমণ কৰিবলৈ পঠায়।[12] তেতিয়া কমতা ৰজাই যুদ্ধ নকৰি নিজ কন্যা ভাজনীক চুডাংফালৈ বিয়া দি মিত্ৰতা স্থাপন কৰে।[4] এইগৰাকী ৰজাৰ দিনৰ পৰাই শিঙ্গৰি ঘৰত উঠি ৰাজ্যাভিষেক পতা প্ৰথা প্ৰচলিত হয়। তেওঁ নিজে এজন নিপুণ যোদ্ধা আৰু সেনানায়ক আছিল।[5] মৃত্যুদহ বছৰ ৰাজত্ব কৰাৰ পিছত ১৪০৭ খ্ৰীষ্টাব্দত চুডাংফাৰ পৰলোক হয়। তথ্য সংগ্ৰহ
উৎস প্ৰসংগ
Information related to চুডাংফা |