চুতুফা
চুতুফা বা চাওলুং চ্যু-তু-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜥 𑜇𑜡) আহোম ৰাজ্যৰ ষষ্ঠজন স্বৰ্গদেউ আছিল। টাই আহোম ভাষাত লিখা বুৰঞ্জী অনুসৰি ৰজা নোহোৱা এটা পৰ্বৰ পাছত তেখেতে ১৩৬৯ চনৰ পৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰিছিল।[1] কোনো কোনো ইতিহাসবিদে তেখেত ১৩৬৪ চনত ৰাজপাটত বহিছিল বুলি ক'ব খোজে যদিও মূল বুৰঞ্জীত ১৩৬৯ চনৰ পৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। সঘনাই হোৱা সংঘাতৰ পাছত চুতীয়া ৰজাই তেওঁক নাও খেল চাবলৈ মাতি বিশ্বাস ঘাটকতাৰে হত্যা কৰিছিল।[2] পূৰ্বপুৰুষ আৰু সিংহাৰোহণচুতুফা আছিল আহোম ৰজা চুখাংফাৰ দ্বিতীয় পুত্ৰ। দেউতাকৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্ৰ চুখ্ৰাম্ফা স্বৰ্গদেউ হৈছিল। ৩২ বছৰ শাসন কৰাৰ পাছত ১৩৬৪ চনত চুখ্ৰাম্ফাৰ মৃত্যু হয়। এইখিনিতে বুৰঞ্জীবিদসকলৰ মতভেদ দেখা যায়। কোনো কোনোৰ মতে চুখ্ৰাম্ফাৰ মৃত্যুত তেখেতৰ ভায়েক চুতুফা ১৩৬৪ চনৰ ৰাজপাটত বহে।[3][4][5] কিন্তু আধুনিক বুৰঞ্জীবিদ পদ্মেশ্বৰ গগৈ আৰু স্বৰ্ণলতা বৰুৱাৰ মতে ১৩৬৪ চনৰ পৰা ১৩৬৯ চনলৈ কোনো স্বৰ্গদেউ নাছিল। ৰাজত্বকাল আৰু হত্যাচুতুফাই আহোম ৰাজ্যৰ পৰিসীমা বঢ়াব বিচাৰিছিল। ইয়াৰ ফলত কাষৰীয়া চুতীয়া ৰাজ্যৰ লগত সংঘাতৰ সৃষ্টি হয়। ১৩৭৬ চনত চুতীয়া ৰজাই চাপাগুৰিত চুতুফাক লগ কৰে আৰু মিত্ৰতাৰ ভাও জুৰি তেখেতক চফ্ৰাই নদীৰ নাওখেললৈ নিমন্ত্ৰণ জনায়। চুতীয়া ৰজাই নিজৰ নাৱতে দেহৰক্ষীবিহীন চুতুফাক আদৰ আপ্যায়ন কৰাৰ চেগত হত্যা কৰে। চুতুফাৰ লগত যোৱা সৈন্যবোৰ ৰাজধানীলৈ ঘূৰি আহি এই কথা সদৰি কৰে।[6][7][8] বৰগোহাঁই আৰু বুঢ়াগোহাঁই শাসনকালচুতুফাৰ মৃত্যুৰ পাছত আহোম ডাঙৰীয়াসকলে স্বৰ্গদেউৰ উপযোগী কোনো ৰাজকোঁৱৰ বিচাৰি নাপালে আৰু সেই বাবে চাৰি বছৰ (১৩৭৬-১৩৮০ চন) চাও ফ্ৰংদাম বুঢ়াগোহাঁই আৰু চাও তাপ্ৰিখিন বৰগোহাঁইয়ে নিজে প্ৰশাসনৰ ভাৰ চম্ভালে।[9] ৰজা অবিহনে ৰাজ্য চলোৱা টান দেখি ১৩৮০ চনত তেওঁলোকে চুতুফাৰ ভায়েক আৰু চুখাংফাৰ তৃতীয় পুত্ৰ ত্যাও খাম্টিক স্বৰ্গদেউ পাতে।[10][11] টোকা
তথ্যসূত্ৰ
Information related to চুতুফা |