শেহতীয়াকৈ অনুমোদন জনোৱা ডেংগি জ্বৰ প্ৰতিষেধক এতিয়া কেইবাখনো দেশত উপলব্ধ।[4] ৰোগ প্ৰতিৰোধৰ আন উপায়ৰ ভিতৰত আছে মহৰ বংশবৃদ্ধি কমোৱা আৰু কামুৰাত বাধা দিয়া। অব্যৱহৃত মুকলি পানী পেলাই দিয়া আৰু গা ঢকাকৈ কাপোৰ পিন্ধি এই কাম কৰিব পাৰি, কাৰণ এই মহে দিনতে কামুৰে।[1] সাধাৰণতে সমৰ্থনীয় চিকিৎসা যেনে মুখ বা সিৰাৰে পানীয় দিলেই কিছুদিনৰ ভিতৰত ৰোগী সুস্থ হয়। জটিল ৰোগত ৰক্ত সঞ্চাৰণৰ প্ৰয়োজন হ'ব পাৰে।[2] প্ৰতি বছৰ প্ৰায় ৫ লাখ লোক চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয়।[1] Ibuprofen বা আন NSAID ঔষধ ব্যৱহাৰ কৰিব নালাগে।[2]
দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই ডেংগিয়ে বিশ্বজুৰি সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু ১১০ খনৰো বেছি দেশত এই ৰোগ পোৱা যায়।[9][10] প্ৰতি বছৰে প্ৰায় ৫-৫২.৮ কোটি লোক সংক্ৰমিত হয় আৰু প্ৰায় ১০০০০-২০০০০ লোক মৃত্যুমুখত পৰে।[11][5][6][12] চাইনিজ মেডিকেল এনচাইক্ল'পেডিয়াত বিশ্বত সৰ্বপ্ৰথম সন্দেহজনক ডেংগিৰ বিষয়ে জিন সাম্ৰাজ্যৰ সময়ত (২৫৫-৪২০ খ্ৰীষ্টাব্দ) এই ৰোগক "পানী বিহ" বুলি অভিহিত কৰিছিল। ১৭৭৯ চনত ডেংগি নামকৰণৰ পিছৰে পৰা মহামাৰী ৰূপত এচিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাত ১৭৮০ চনত সমসাময়িকভাৱে বিস্তাৰিত হৈছিল। গাঁঠি আৰু মাংসপেশীৰ বিষ অনুভৱ কৰালৈ লক্ষ্য কৰি এনে ৰোগক বিজ্ঞানী বেঞ্জামিন ৰুচে "ব্ৰেকব'ন ফিভাৰ" বুলি নামাংকন কৰিছিল। ১৯৫৫-৭০ৰ সময়ছোৱাত গোটেই বিশ্বত মাত্ৰ ৯খন দেশহে আক্ৰান্ত হৈছিল, কিন্তু ১৯৭০ ৰ পৰা ১৯৯৩ চনলৈ এই ৰোগ বিশ্বৰ ৩৭খন দেশলৈ বিস্তাৰিত হয়। ১৭৭৯ চনত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰথম বিৱৰণ পোৱা যায়।[10]উত্তৰ-পূৰ্বাঞ্চলত ডেংগি ৰোগৰ প্ৰভাৱ ১৯৯২ চনৰ পৰা হোৱা পৰিলক্ষিত হৈছে।[13] বিংশ শতিকাৰ আৰম্ভণিত ইয়াৰ ভাইৰেল কাৰক আৰু বিয়পাৰ কাৰণ বুজা গৈছিল।[14] মহ আঁতৰোৱাৰ লগতে প্ৰত্যক্ষভাৱে ভাইৰাছ নিঃশেষ কৰা ঔষধৰ বিষয়ে গৱেষণা চলি আছে।[15] ইয়াক অৱহেলিত ক্ৰান্তীয় ৰোগ (neglected tropical disease) হিচাপেও শ্ৰেণীবদ্ধ কৰা হয়।[16]
তথ্যসূত্ৰ
The 2014 version of this article has passed academic peer review and been published in the journal Open Medicine[lower-roman 1]
The published version can be read and cited here and the peer review here.
↑Stanaway, JD; Shepard, DS; Undurraga, EA; Halasa, YA; Coffeng, LE; Brady, OJ; Hay, SI; Bedi, N et al. (10 February 2016). "The global burden of dengue: an analysis from the Global Burden of Disease Study 2013.". The Lancet. Infectious Diseases. doi:10.1016/S1473-3099(16)00026-8. PMID26874619.