পেচেন্চ কুপাৰ
পেচেন্চ কুপাৰ (ইংৰাজী: Patience Cooper ; ১৯০৫–১৯৯৩) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল।[1] কলকাতাৰ ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ কুপাৰে নিৰ্বাক আৰু সবাক দুয়োবিধ চলচ্চিত্ৰতে সফলতাৰে অভিনয় কৰি গৈছে। তেওঁ বলীউডৰ প্ৰথমাৱস্থাৰ এগৰাকী তাৰকা শিল্পী আছিল।[2] ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত তেওঁক প্ৰথম দ্বৈত অভিনয়ৰ মৰ্যাদা দিয়া হয়। ‘পত্নী প্ৰতাপ’ ছবিত তেওঁ দুজনী যমজ ভনীয়েকৰ চৰিত্ৰত আৰু ‘কাশ্মিৰী সুন্দৰী’ ছবিত মাক-জীয়েকৰ দ্বৈত ভূমিকাত অভিনয় কৰিছিল।[3] অৱশ্যে পূৰ্বে ১৯১৭ত অভিনেতা আন্না সালুঙ্কেই ‘লঙ্কা দহন’ ছবিত ৰাম আৰু সীতা দুয়োটা চৰিত্ৰতে অভিনয় কৰি গৈছে।[4] মঞ্চ অভিনয়কুপাৰে এটা ইউৰেচিয়ান ট্ৰুপ- ‘বেণ্ডমেনচ্ মিউজিকেল কমেডী’ত নৰ্তকী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছলৈ তেওঁ জামছেদজী ফ্ৰেমজী মদনৰ ‘কৰিন্থিয়ান ষ্টেজ কোম্পানী’ত অভিনেত্ৰী ৰূপে অংশগ্ৰহণ কৰে। চলচ্চিত্ৰ অভিনয়কুপাৰে ‘নল দময়ন্তী’ (১৯২০) ছবিত অভিনয় কৰি প্ৰথম দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই ছবিত কেকি অদাজানিয়াই নলৰ আৰু কুপাৰে দময়ন্তীৰ ভাও লৈছিল। মদন থিয়েটাৰে প্ৰযোজনা কৰা আৰু Eugenio de Liguoro-ই পৰিচালনা কৰা ই এখন বিগব বাজেটৰ ছবি আছিল। মেৰু পৰ্বতৰ পৰা স্বৰ্গলৈ নাৰদৰ গমন, চাৰি দেৱতাই নলৰ ছদ্মবেশ লোৱা, দেৱী কালি সাপলৈ ৰূপান্তৰ হোৱা আদি- কিছুমান স্পেচিয়েল ইফেক্টৰ ‘নল দময়ন্তী’ বাবে প্ৰখ্যাত।[5] তেওঁৰ পৰৱৰ্তী ছবি আছিল ১৯২১ চনত মুক্তি পোৱা ‘বিষ্ণু অৱতাৰ’। তেওঁৰ আন এখন সফল ছবি ‘পত্নী ভক্তি’ (১৯২২)। জে.জে. মদনে নিজে পৰিচালনা কৰা কুপাৰে লীলাৱতীৰ ভূমিকাত অভিনয় কৰা এই ছবিখনে এইটোৱে প্ৰতীয়মান কৰিব বিচাৰিছিল যে পত্নী সদায় স্বামীৰ প্ৰতি অনুগত হ’ব লাগে। ‘পত্নী ভক্তি’ কুপাৰৰ অভিনয় জীৱনৰ এখন শ্ৰেষ্ঠ ছবি বুলি গণ্য কৰা হয়। অৱশ্যে ছবিখনক লৈ মাদ্ৰাছত সামান্য বিতৰ্ক এটা হৈছিল। চেঞ্চৰে অশালীনতাৰ দায়ত ছবিখনৰ পৰা নৃত্যৰ দৃশ্য এটা আঁতৰাই দিয়াৰ দাবী কৰিছিল। কুপাৰে সম্ভৱতঃ প্ৰথম বাৰৰ বাবে পত্নী ‘পত্নী প্ৰতাপ’ (১৯২৩) আৰু ‘কাশ্মিৰী সুন্দৰী’ (১৯২৪) ছবিত দ্বৈত ভূমিকাত অভিনয় কৰিছিল। তেওঁৰ আন এখন গুৰুত্বপূৰ্ণ ছবি ‘জেহৰী সাপ’ (১৯৩৩)।[3] কুপাৰে ১৯৪৪ চনত অৱসৰ লোৱালৈ ৪০খনতকৈও অধিক ছবিত কৰিছিল। শেষ ছবি আছিল ‘ইৰাদা’। কুপাৰৰ ষ্টাৰ ইমেজৰ অন্যতম কাৰণ আছিল তেওঁৰ হলীউদী চেহেৰা। সেই সময়ত সামাজিক কাৰণত চলচ্চিত্ৰ উদ্যোগত খুব কম সংখ্যক হিন্দু মহিলা জড়িত থকা বাবে স্বাভাৱিকতে কুপাৰৰ দৰে ইংগ-ভাৰতীয় অভিনেত্ৰীৰ চাহিদা বহুত আছিল। কুপাৰে বহুতো সফল ছবি দিছে আৰু যাৰ বাবে তেওঁক প্ৰথম ভাৰতীয় মহিলা তাৰকা বুলি কোৱা হয়।[3] পৰৱৰ্তী জীৱনএজন প্ৰখ্যাত ভাৰতীয় ব্যৱসায়ী মিৰ্জা আহমেদ ইচফানি সৈতে কুপাৰৰ বিয়া হোৱা বুলি ভবা হয়। ১৯৪৭ চনত তেওঁলোকে পাকিস্তানলৈ প্ৰব্ৰজন কৰে।[6] দৰাচলতে তেওঁৰ ২১ বছৰ বয়সতে ইচফানিৰ সৈতে বিয়া হয় আৰু কম সময়ৰ ভিতৰত বিচ্ছেদো হয়। তাৰপিছত তেওঁ প্ৰাৰম্ভিক পৰ্যায়ৰ নিৰ্বাক ছবিৰ অভিনেতা গুল হামিদ খানক বিয়া কৰায়। ছয় বছৰ পিছত বেমাৰত ভুগি তেওঁৰ মৃত্যু হয়। জীৱনৰ শেষসময়লৈ তেওঁৰ ইচফানিৰ সৈতে বন্ধুত্ব আছিল। তেওঁ নিজৰ নাম সাব্ৰ বেগমলৈ সলনি কৰিছিল আৰু কৰাচীত দুজনী জীয়েক- জিন্নত আৰু হালিমাক তুলি লৈছিল। ১৯৮৩ চনত তেওঁৰ মৃত্যু হৈছিল।[7] তথ্য উৎস
বাহ্যিক সংযোগ
|