বন্দে মাতৰম্
বন্দে মাতৰম্ (সংস্কৃত: 'वन्दे मातरम्'; "মাতৃ বন্দনা"[3][4]) বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত[5] এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প। শ্ৰীঅৰবিন্দ 'বন্দে মাতৰম্' গীতটোক "বঙ্গদেশৰ জাতীয় সংগীত" (National Anthem of Bengal) বুলি উল্লেখ কৰে।[6] ভাৰতৰ স্বাধীনতা আন্দোলনত এই গীতটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৮৯৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত সৰ্বপ্ৰথম ৰাজনৈতিক প্ৰেক্ষাপটত গোৱা হয় 'বন্দে মাতৰম্'; উক্ত অধিবেশনত গীতটো পৰিবেশন কৰিছিল স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰে।[7] ১৯৫০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে 'জনগণমন-অধিনায়ক জয় হে' ভাৰতৰ জাতীয় সংগীতৰ মৰ্যাদা লাভ কৰাত 'বন্দে মাতৰম্' গীতটোক ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় স্তোত্ৰৰ মৰ্যাদা দিয়া হয়।[7] তথাপি একাধিক ভাৰতীয় মুছলিম সংগঠনে 'বন্দে মাতৰম্' গোৱাৰ বিৰুদ্ধে ফতোয়া জাৰি কৰে। তেওঁলোকৰ মতে, ভাৰত মাতাৰ বন্দনাগীতি এই গীতটোৰ মূলভাবনা ইছলাম-নিষিদ্ধ পৌত্তলিকতা অনুসৰি।[8] ১৯০৯ চনত শ্ৰীঅৰবিন্দই 'Mother, I bow to thee! ' শিৰোনাম 'বন্দে মাতৰম্' গীতটোৰ ইংৰাজী অনুবাদ কৰে। ইংৰাজী ভাষাত এই অনুবাদটি বহুল প্ৰচলিত।[9] একাধিকবাৰ এই গীতটোত সুৰাৰোপ কৰা হয়। 'বন্দে মাতৰম্' সঙ্গীতৰ প্ৰাচীনতম প্ৰাপ্ত অডিও ৰেকৰ্ডিংটি ১৯০৭ চনৰ। সমগ্ৰ বিংশ শতাব্দীত গীতটো প্ৰায় এশটা ভিন্ন সুৰত ৰেকৰ্ড কৰা হৈছিল। ২০০২ চনত বিবিচি ৱৰ্ল্ড চাৰ্ভিচ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহটা জনপ্ৰিয় গান নিৰ্বাচনৰ এটা আন্তৰ্জাতিক সমীক্ষা চলায়। এই সমীক্ষাত ৭০০০ গানৰ মাজৰ পৰা এ. আৰ. ৰহমান সুৰাৰোপিত 'বন্দে মাতৰম্' গীতটোৱে বিশ্বৰ দ্বিতীয় জনপ্ৰিয়তম গান নিৰ্বাচিত হয়।[10] পাঠ
ইতিহাস আৰু গুৰুত্বৰচনাসাধাৰণভাবে অনুমান কৰা হয়, ১৮৭৬ চনত ব্ৰিটিছ চৰকাৰৰ অধীনত চাকৰিত থকা অৱস্থাতেই 'বন্দে মাতৰম্' ৰচনাৰ কথা ভাবিছিল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে। তথাপি ঠিক কোন সময়ত তেওঁ গীতটি ৰচনা কৰিছিল তাক জনা নাযায়। ১৮৮২ চনত বঙ্কিমচন্দ্ৰৰ 'আনন্দমঠ' উপন্যাসত প্ৰথম গীতটি প্ৰকাশিত হয়।[5] ৰচনাৰ পৰৱৰ্তী কালত লেখকে যদুভট্টক গীতটিত সুৰাৰোপ কৰাৰ বাবে অনুৰোধ কৰে।[5] ভাৰতৰ স্বাধীনতা আন্দোলন"বন্দে মাতৰম্" ব্ৰিটিছ শাসনৰ হাতৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জাতীয় ধ্বনিত পৰিণত হয়। প্ৰথম কলকাতা মহানগৰীত প্ৰধান প্ৰধান ৰাজনৈতিক সমাবেশত "বন্দে মাতৰম্" ধ্বনি দিয়া আৰম্ভ হয়। এই ধ্বনিৰ তীব্ৰ প্ৰতিক্ৰিয়াত ভয় খাই ব্ৰিটিছ চৰকাৰে জনসাধাৰণৰ মাজত এই ধ্বনিৰ উচ্চাৰণ নিষিদ্ধ কৰি দিয়ে; এই সময়ত বহু স্বাধীনতা সংগ্ৰামী "বন্দে মাতৰম্'' ধ্বনি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল। ১৮৯৬ চনত বিডন স্কোয়াৰত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলকাতা অধিবেশনত গীতটি পৰিবেশন কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। পাঁচ বছৰৰ পাছত ১৯০১ চনৰ কংগ্ৰেছৰ কলকাতা অধিবেশনত গীতটি পৰিবেশন কৰে দক্ষিণাচৰণ সেনে। ১৯০৫ চনত কংগ্ৰেসছৰ বাৰাণসী অধিবেশনত গীতটি পৰিবেশন কৰিছিল সৰলা দেৱী চৌধুৰাণী। লালা লাজপত ৰায়ে লাহোৰৰ পৰা 'বন্দে মাতৰম্' নামৰ এখন সাময়িকপত্ৰ প্ৰকাশ কৰিছিল।[5] ১৯০৫ চনত হীৰালাল সেনে ভাৰতৰ প্ৰথম ৰাজনৈতিক চলচ্চিত্ৰটি নিৰ্মাণ কৰিছিল; এই চলচ্চিত্ৰৰ সমাপ্তি হৈছিল গীতটিৰ মাধ্যমত। ব্ৰিটিছ পুলিচৰ হাতত নিহত হোৱাৰ আগেয়ে মাতঙ্গিনী হাজৰাৰ শেষ উচ্চাৰিত শব্দ আছিল "বন্দে মাতৰম্।" [13] ১৯০৭ চনত ভিখাজী কামা (১৮৬১–১৯৩৬) ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ যিয়ে ৰূপদান কৰিছিল, পতাকাৰ মাজৰ শাৰীত দেৱনাগৰী হৰফত "বন্দে মাতৰম্" ধ্বনিটো খোদিত হৈছিল।[14] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|