উখৰুল জিলাএই প্ৰবন্ধটো উখৰুল জিলাৰ বিষয়ে। সদৰ ঠাইৰ বাবে উখৰুল চাওক।
উখৰুল (Ukhrul, Pron:/ˈuːkˌɹəl or ˈuːkˌɹʊl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৮৪ কিলিমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত। ইতিহাস১৯১৯ চনত ব্ৰিটিছ শাসনৰ সময়ত উখৰুল জিলাক এক মহকুমা হিচাপে ৰখা হৈছিল। ১৯৬৯ চনত ভাৰত চৰকাৰে এই জিলাক মণিপুৰ পূব জিলা নাম দি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়ে। ভাষাতত্ত্বৰ ফালৰ পৰা উখৰুলৰ মূল অধিবাসী তাংখুল নগাসকল চীনা-তিব্বতীয় গোষ্ঠীৰ তিব্বতীয়-বৰ্মা বিভাগৰ অন্তৰ্ভুক্ত। এই সূত্ৰই তেওঁলোক ঐতিহাসিকভাৱে উত্তৰৰ চীন আৰু তিব্বতীয় মূলৰ বুলি ইংগিত দিয়ে। তাংখুলসকলৰ আটাইতকৈ প্ৰাচীন মূল চীন জিজিয়াং অঞ্চলৰ হোৱাংহো (Huang He) আৰু য়াংজে (Yangtze) নদীৰ উপত্যকা বুলি জনা যায়। জীৱন-নিৰ্বাহৰ সহজ পথৰ সন্ধানত তেওঁলোকে বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰে। ইয়াৰে এটা ঠাল আহি দক্ষিণে ম্যানমাৰ পায়হি। তাংখুলকে ধৰি অন্যান্য নগা জনজাতিসমূহ ম্যানমাৰৰ পৰাই আহি মণিপুৰ, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশত বসতি কৰিবলৈ লয়। ভৌগোলিক অৱস্থানউখৰুল জিলাৰ সদৰ ঠাই উখৰুল নগৰ। এই নগৰৰ অধিবাসী ৭৫,০০০ বুলি জনা যায়। উখৰুল জিলাত অৱস্থিত শ্বিৰুই কাছং পৰ্বতত পোৱা আপুৰুগীয়া শ্বিৰুই লিলি (Shirui lily, Lilium mackliniae Sealy), আৰু Khangkhui Mangsor গুহা জিলাখনৰ অন্যতম আকৰ্ষণ। প্ৰশাসনউখৰুল জিলাৰ মহকুমাসমূহ হৈছে:
যাতায়তজিলাখনৰ সদৰ ঠাই উখৰুল ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ইম্ফলৰ লগত সংযুক্ত। এই ঘাইপথেই জেছামিৰ মাজেৰে উখৰুলক ক’হিমাৰ লগতো সংযুক্ত কৰিছে। জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি উখৰুল জিলাৰ জনসংখ্যা ১,৮৩,১১৫ জন।[1]জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৩। এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪০ জন। [1] ২০০১-২০১১ দশকত জিলাখনৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩০.০৭%[1] উখৰুলৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৪৮ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮১.৮৭%।[1] উখৰুলৰ সংখ্যাগৰিষ্ঠ লোক তাংখুল জনজাতিৰ। ভাষাউখৰুল জিলাত ব্যৱহৃত মূল ভাষাসমূহ হৈছে:
সংস্কৃতিউখৰুল জিলাত তাংখুল সকলে বিভিন্ন উৎসৱ পালন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে বীজ সিচাঁৰ সময়ত পালন কৰা লুইৰা উৎসৱ (Luira), খেতিৰ কামৰ পৰা আহৰি পোৱাৰ সময়ত পালন কৰা মাংখাপ উৎসৱ (Mangkhap), মৃতকক সন্মান জনাই উদযাপন কৰা থিছম (Thisham) উৎসৱ আৰু খেতি চপোৱাৰ পিছত উদযাপন কৰা থাৰিও উৎসৱ (Thareo)। শিক্ষা১৮৯৬ চনত খ্ৰীষ্টান মিছনেৰী ৰেভাৰেণ্ড উইলিয়াম পেটিগ্ৰিউ (Rev. William Pettigrew)-এ উখৰুল জিলাৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। বৰ্তমান জনসংখ্যাৰ ৯০% শিক্ষিত লোকেৰে উখৰুল নগৰ ইম্ফলৰ পিছতে মণিপুৰৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আটাইতকৈ আগবঢ়া নগৰ। এই নগৰৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ হৈছে চেক্ৰেড হাৰ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়, এলিচ খ্ৰীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিটল এঞ্জেল বিদ্যালয়, ব্লেছ’ মণ্টেশ্বৰী বিদ্যালয়, পাটকাই একাডেমী ইত্যাদি। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|