Share to: share facebook share twitter share wa share telegram print page

খ্যেক ফুৰালুং

খ্যেক ফুৰালুং বা খ্যেক ফ্ৰালুং (আহোম: 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫) হৈছে আহোম ধৰ্মৰ এক পৰম্পৰাগত অনুষ্ঠান। ম'-লুং এই অনুষ্ঠানৰ উৎপত্তি আৰু তাৎপৰ্য সম্পৰ্কে নানা ধৰণৰ মত আগবঢ়াইছে। কোনো কোনো ম'-লুঙে এই ফুৰালুঙৰ আলমত আহোমসকল বৌদ্ধ আছিল বুলি মত প্ৰকাশ কৰে। ড॰ পদ্মেশ্বৰ গগৈয়ে এই প্ৰসংগত কৈছে যে, “এই ত তাই আহোম ভাষাত বৌদ্ধ গীত গায়।” লীলা গগৈদেৱেও বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰিছে। পদ্মেশ্বৰ গগৈয়ে ফুৰা লং শব্দৰ লগত ফ্ৰা লং শব্দৰ মিলৰ কথা উল্লেখ কৰি ফ্ৰা-লঙক 'বুদ্ধ' (ফ্ৰা-লং) হিচাপে প্ৰতিষ্ঠা কৰিছে। থেৰাবাদী বৌদ্ধ ধৰ্মৰ প্ৰভাৱ উত্তৰ ব্ৰহ্মত থকালৈ চাই এনে মতৰ কিছু যুক্তিযুক্ততা আছে যেন লাগিলেও বহু টাই ম'-লুঙে ফুৰালুঙক বৌদ্ধধৰ্মীয় অনুষ্ঠান বুলি ক'ব নোখোজে।[1]

মনোৰঞ্জন ফুকনে টাই-আহোমৰ ফুৰালুং ধৰ্মক টাই সকলৰ ধাৰাবাহিকতা থকা প্ৰাচীন ধৰ্ম তথা আদৰ্শৰ লগত সঙ্গতিপূৰ্ণ হিচাপে দেখুৱাইছে। চীনৰ প্ৰাচীন ধৰ্মৰ বিশ্বৰ প্ৰথম কাৰণ বা টাওৰ লগত টাই-আহোমৰ 'ফা-তু-ছিং-ফ্ৰাং-হুমৰ' নিবিড় সম্পৰ্ক দেখুৱাইছে। তাই ধৰ্মীয় পুথি 'পেঞাকাকা'ৰ মত দাঙি ধৰি ফুকনে দেখুৱাইছে যে ফুৰালং টাই পৰম্পৰাৰ প্ৰাচীন। ফুৰাক মানি গুণানুকীৰ্তন কৰা অনুষ্ঠানেই পৰৱৰ্তী কালত ফুৰালুং ৰূপে প্ৰতিষ্ঠিত হ'ল বুলি চাও ফুকনে কয়। ফুৰালুং বলি বিধানমুক্ত হোৱা বাবে আৰু চৈত্যসদৃশ আকৃতিৰে পুৰোহিতৰ সন্মুখত কলগছত এশ এগছি চাকি জ্বলাই বোধিবৃক্ষৰ প্ৰতীকী ৰূপ দিয়া বাবেই ফুৰালুং ক থেৰাবাদী বৌদ্ধ বুলি টাই ম'-লুংসকলে মানি নলয়। তেওঁলোকে ধৰ্মীয় পুথি 'পেঞাকাকা'ৰ গীত মাত বৌদ্ধধৰ্মী নহয় বুলিহে মত প্ৰকাশ কৰে।[1]

ফুৰালুং উচ্চ আধ্যাত্মিক সাধনাৰ অনুষ্ঠান। ফুৰালুং ৰ নৈবেদ্যসমূহ হ'ল ফল-মূল আদি। পূজাৰ সমগ্ৰীসমূহৰ ঔষধি হিচাপে গুৰুত্ব থকা বুলিও অনুমান কৰা হয়। ধূপ-ধুনা জ্বলাই পবিত্ৰ ধৰ্ম-পুথি 'পেঞাকাকা' প্ৰতিষ্ঠা কৰা হয়। ফুৰালুং ত ব্যৱহাৰ হোৱা পবিত্ৰ সঞ্জীৱনী অমৃত হ'ল 'ঞিয়াপুলক' আৰু ইয়াক অফুৰন্ত শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই অমৃতেই টাই সকলক অমৰত্ব বা দেৱতাৰ গুণ দিলে বুলিও অনুমান কৰা হয়। ঞিয়াপুলক পবিত্ৰ ভাবেৰে পানকৰা সকলক স্বৰ্গীয় সুৰা (অমৃত) পান কৰা সকলৰ দৰেই অমৰ বুলি গণ্য কৰা হয়।[1]

টাই আহোমসকলৰ ফুৰালুং ত্ৰি-সূত্ৰীক পৰম্পৰাৰ আধাৰত প্ৰতিষ্ঠিত। 'ফুৰা-তাৰা-আলং' এই ত্ৰি সূত্ৰীক দৰ্শনৰ তিনিটা ভেটি। এগৰাকী টাই ম'-লুং বাণী দেওধাই বৰুৱাই 'ফুৰালুং' শব্দৰ তাৎপৰ্য ব্যাখ্যা কৰি কৈছে, “ইয়াৰ তাত্ত্বিক বৈশিষ্ট্য হ'ল অস্তিত্ব সংৰক্ষণ, পুনৰাৱৰ্তন আৰু সৃষ্টি বিকাশৰ স্বীকৃতি।” পদ্মেশ্বৰ গগৈয়ে "ফুৰা-তাৰা-আলং" এই তিনিটা শব্দৰ অৰ্থ 'বুদ্ধ-ধৰ্ম-সংঘ' ৰূপত চলি আছে। লীলা গগৈয়ে টাই আহোমৰ উপৰি, টাই-খামতি, টাই- ফাকে, টাই-তুৰুং, টাই-আইটন, টাই খাময়াং আদি সকলো গোষ্ঠীৰ মাজতো ফুৰালুং দৰ্শনৰ আধাৰত ফুৰা-তাৰা আলঙৰ চলি থকাৰ কথা কৈছে। টাই ধৰ্মৰ অন্যান্য ম'-লুংসকলে অৱশ্যে টাই পৰম্পৰাৰ প্ৰামান্য ধৰ্মীয় পুথি 'পেঞাকাকা' তথ্যৰ আধাৰত টাই ফুৰালুং বৌদ্ধ ধৰ্মীয় অনুষ্ঠান নহয় বুলি কয়। তেওঁলোকৰ মতে ফুৰালুং ধৰ্মই নিৰ্বাণত বিশ্বাস নকৰে। 'নিৰ্বাণ' মানে নিষ্ক্ৰিয়তা। ব্ৰহ্মাণ্ডত নিষ্ক্ৰিয়তাৰ স্থান নাই। ফুৰালুং ত বৌদ্ধ গীত গোৱা নহয় বুলি এওঁলোকে কয়। পেঞাকাকাত ঈশ্বৰৰ অস্তিত্ব মানি লৈ নটা নিবন্ধ বা পালন কৰিবলগীয়া ন নিবন্ধ ৰচনা কৰা হৈছে। এই ন নিবন্ধ বৌদ্ধ ধৰ্মীয় আচৰিব লগীয়া শীলসমূহৰ লগত আনুষংগিক মিল থকা বাবে টাই আহোমৰ ধৰ্মকে বৌদ্ধ ধৰ্ম বুলি কয়। এই নটা নিবন্ধৰ দুটাত কৰ্মফল অনুসৰি পুনৰজন্ম আৰু জীৱৰ প্ৰতি অহিংসাৰ কথা কোৱা হৈছে। কিন্তু সাতটা নিবন্ধত বৌদ্ধ ধৰ্মৰ লগত কোনো মিল নাই।[1] টাই আহোমৰ 'পেঞাকাকা'ত মহাশূন্যৰ ওপৰতো এক পৰম ব্ৰহ্মৰূপী 'চ্যাও চেঙ' অস্তিত্ব মানি লোৱা হয়। এই 'চ্যাউ চেঙ'ব্ৰহ্মাণ্ডৰ সকলো সংখ্যাৰ ওপৰত অৰ্থাৎ সংখ্যাৰে এই সত্যক প্ৰকাশ কৰিব নোৱাৰি। গতিকে ই হ'ল এক অক্ষয় সত্তাৰ স্বীকৃতি। ইয়াক কৰাত কোনো আৱেগিক ভিত্তি নাই, কৰাত আনন্দ বা নকৰাত বেজাৰ নাই। মাত্ৰ ই হ'ল পৰম সত্যক উপলব্ধি কৰাৰ এক স্বীকৃতি। ফুৰালুং ধৰ্মত সৃষ্টি, স্থিতি, প্ৰলয়ৰ নিয়ন্ত্ৰক, মহাকাশৰো উৰ্ধত, কালজয়ী, মহাকাশৰো আশ্ৰয় স্বৰূপ 'চ্যাও চেঙ' বা 'ফা-তু-চিং-ফ্ৰঙ-হুম'ৰ মহান অস্তিত্বক উপলব্ধি কৰা হয়। ই স্বাভাৱিকতে এক মৌলিক দৰ্শনৰ অস্তিত্ব প্ৰমাণিত কৰে।[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 বৰগোহাঞি যতীন্দ্ৰ কুমাৰ. অসমৰ উৎসৱ আৰু. 
Kembali kehalaman sebelumnya