চুইগী (ইংৰাজী: Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷[3][4] খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie" নামেৰে ক্ষিপ্ৰভাৱে বিভিন্ন পেকেট বিতৰণ কৰে।