প্ৰান্তিক
প্ৰান্তিক অসমৰ গুৱাহাটীৰ পৰা প্ৰকাশিত বিভিন্ন বিষয়ৰ একাধিক নিয়মীয়া শিতান অথবা নিত্য-নতুন প্ৰবন্ধ সন্নিবিষ্ট এখন অসমীয়া পষেকীয়া আলোচনী। ১৯৮১ চনত পোনপ্ৰথমে প্ৰকাশ পোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰয়াত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া[1][2]বৰ্তমানৰ সম্পাদক প্ৰদীপ বৰুৱা৷ সহকাৰী সম্পাদক বলেন দত্ত৷ সমাজখনৰ সকলোবোৰ ক্ষেত্ৰৰ বিষয় সামৰি প্ৰান্তিকৰ যাত্ৰা আৰম্ভ হৈছিল। প্ৰথমে মাত্ৰ প্ৰতিষ্ঠিত লেখকৰ লেখাৰে আৰম্ভ হোৱা[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰান্তিকে খুব সোনকালেই নতুন লেখক সকলৰ সাহিত্যকো প্ৰকাশ কৰি অসমীয়া সাহিত্য জগতত এচাম ন-লেখক আৰু সাংবাদিকৰ সৃষ্টি কৰিছিল। অসমীয়া সাহিত্যৰ কেইবাজনো প্ৰতিষ্ঠিত লেখক আৰু সাংবাদিক যেনে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, পৰাগ কুমাৰ দাস, হিৰণ্য কাশ্যপ, সৌৰভ শইকীয়া আদি সকলে প্ৰান্তিকৰ পৃষ্ঠাতে সাহিত্য-জীৱন আৰম্ভ কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন] প্ৰান্তিকৰ শিতানসমূহপত্ৰালাপপ্ৰান্তিকৰ জনপ্ৰিয় নিয়মীয়া শিতানসমূহৰ ভিতৰত পত্ৰালাপ অন্যতম। পঢ়ুৱৈসকলৰ বিভিন্ন চিঠি-পত্ৰ এই শিতানটোত প্ৰকাশ কৰা হয়। জনসাধাৰণৰ অভাৱ-অভিযোগ, আবেগ-অনুভূতি আদিৰে পৰিপূৰ্ণ, বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সংযোজিত চিঠিসমূহ এই শিতানত প্ৰকাশিত হয়। পত্ৰলেখকসকলে চিঠি-পত্ৰৰ যোগেদিয়েই কেতিয়াবা কোনো এক বিষয়ৰ আঁত ধৰি বহুতো যুক্তিপূৰ্ণ কথা-বাৰ্তা এই শিতানত দাঙি ধৰে। শেষপৃষ্ঠা১৯৮১ চনৰ ছেপ্তেম্বৰ/অক্টোবৰ মাহত প্ৰান্তিক আলোচনীৰ আৰ্হি প্ৰস্তুত কৰোঁতে ইয়াৰ শেষ পৃষ্ঠাটোৰ নাম "শেষ পৃষ্ঠা" য়ে ৰখা হৈছিল,[3] প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ভবেন্দ্ৰ নাথ শইকীয়াৰ কলমেৰে সেই সময়ৰ সাম্প্ৰতিক সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি প্ৰতি সংখ্যাতে একোটাকৈ প্ৰবন্ধ প্ৰকাশ পাইছিল। ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যুৰ পাছত বৰ্তমান এই শিতানটোত তেখেতৰ ডায়েৰিৰ পৃষ্ঠা সমূহ প্ৰকাশ পাই আহিছে। ইতিমধ্যে শেষপৃষ্ঠাৰ কথাবোৰ কিতাপ আকাৰে একে নামেৰে তিনিটা খণ্ডত প্ৰকাশ পাইছে। প্ৰান্তিকৰ জন্মৰ একাদশ বছৰৰ পৰা শেষপৃষ্ঠাৰ উপৰিও সম্পাদকীয় প্ৰকাশ পাবলৈ লয়। প্ৰান্তিকৰ জনপ্ৰিয় ধাৰাবাহিক উপন্যাসসমূহ
তথ্য সংগ্ৰহ
|