সত্যেন্দ্ৰনাথ শৰ্মা
সত্যেন্দ্ৰনাথ শৰ্মা (ইংৰাজী: Satyendranath Sarma; ১৯১৭ - ১৯৯৯) অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গৱেষক, সমালোচক আৰু বুৰঞ্জীবিদ। তেখেতে অসম সাহিত্য সভাৰ ১৯৭৫ চনৰ তিতাবৰ অধিবেশনত সভাপতিত্ব কৰিছিল। অসমীয়া নাট, কাব্যসাহিত্য আৰু উপন্যাসৰ মূল্যাঙ্কনত তেখেতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে[1]। চমু জীৱনীজন্মসত্যেন্দ্ৰনাথ শৰ্মাৰ ১৯১৭ চনৰ ভাদ মাহৰ পূৰ্ণিমা তিথিত শিৱসাগৰৰ জাঁজীত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম গোলাপচন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম চেনেহী দেৱী।[2]
শিক্ষা১৯২২ চনত শৰ্মাই যোৰহাট নৰ্মাল বিদ্যালয়ৰ সৈতে সংলগ্ন ১ নং প্ৰেকটিছিং বিদ্যালয়ত পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে আৰু ১৯৩৪ চনত জাঁজী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৩৬ চনত কটন কলেজৰ পৰা আই এ আৰু ১৯৩৯ চনত ডিষ্টিংচন সহ বি এ পাছ কৰে। ১৯৪১ চনত শৰ্মা দেৱে কলিকতা় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত প্ৰথম শ্ৰেণী হৈ স্নাতকোত্তৰ সন্মান লাভ কৰে। একে সময়তে তেওঁ আইনৰো শিক্ষা গ্ৰহণ কৰিছিল যদিও ১৯৪২ চনত কটন মহাবিদ্যালয়ত প্ৰবক্তাৰ পদত মকৰল হোৱাত আইন পঢ়া সমাপ্ত কৰে। ১৯৫৫ চনত শৰ্মাই অসমৰ সত্ৰ অনুষ্ঠানসমূহৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে।[2] কৰ্মজীৱন১৯৪২ চনত শৰ্মাই কটন মহাবিদ্যালয়ত প্ৰবক্তা পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। ১৯৪৯ চনৰ পৰা ১৯৫৬ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, ১৯৫৭ চনৰ পৰা ১৯৬৬ চনলৈ ৰিডাৰ আৰু ১৯৬৬ চনৰ পৰা ১৯৮০ চনলৈ আধুনিক ভাৰতীয় ভাষা বিভাগত ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিবাহ কৰিছিল। শৰ্মাদেৱে ১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।[2]
মৃত্যুসত্যেন্দ্ৰনাথ শৰ্মাৰ ১৯৯৯ চনৰ ১১ আগষ্ট তাৰিখে মৃত্যু হয়।
সাহিত্য কৰ্মঅসমৰ সাহিত্য-সংস্কৃতিৰ লগত ওতপ্ৰোতভাবে জড়িত শৰ্মাদেৱে ১৯৫৫ চনত অসম সাহিত্য সভাৰ কোষাধ্যক্ষ হিচাপে নিযুক্ত হয়। তেওঁ ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈকে অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক আছিল। ১৯৭৫ চনত শৰ্মাদেৱক তেওঁৰ অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তিতাবৰত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়[3]। শৰ্মাই কেন্দ্ৰীয় সাহিত্য অকাডেমিৰ সদস্য হিচাপে ১৯৫৯ চনৰ পৰা ১৯৮৭ চনলৈকে আছিল। ১৯৬৪ চনৰ পৰা ১৯৬৭ চনলৈকে সাহিত্য অকাডেমিৰ কাৰ্যনিবাহকৰ সদস্য আছিল। কলিকতাৰ "ইন্সটিটিউট অব্ হিষ্টৰিকেল ষ্টাডিজ"ৰ এজন সদস্য হোৱাৰ উপৰি অসম অকাডেমি প্ৰতিষ্ঠাপক সদস্য, উপ-সভাপতি আৰু ১৯৬৭ চনৰ পৰা ১৯৮৩ চনলৈকে সভাপতি হৈ আছিল। তেওঁ ৰামায়ণী সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থৰ বাবে ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।[2] সাহিত্যক অৱদান[4]
তথ্য সংগ্ৰহ
Information related to সত্যেন্দ্ৰনাথ শৰ্মা |