ৰত্নকান্ত বৰকাকতী
ৰত্নকান্ত বৰকাকতী (ইংৰাজী: Ratnakanta Borkakati) অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি “শেৱালি’’ৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। তেওঁ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সভাপতি আছিল৷[1] জন্ম১৮৯৭ চনৰ ২০ জুন তাৰিখে নগাঁও জিলাৰ ধিং মৌজাৰ আঠগাঁৱত ৰত্নকান্ত বৰকাকতীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভূধৰ বৰকাকতী আছিল।[2] শিক্ষাৰত্নকান্ত বৰকাকতীয়ে ধিঙৰ প্ৰাথমিক বিদ্যালয়ত বুনিয়াদী শিক্ষা গ্ৰহণ কৰি নগাঁৱৰ চৰকাৰী হাইস্কুলত পঢ়ে আৰু তাৰপৰাই ১৯১৫ চনত প্ৰৱেশিকা পাছ কৰে৷ তাৰপিছত তেওঁ কটন কলেজত নাম লগাই পিছত কলিকতাৰ “ৰিপন কলেজ’’লৈ পঢ়িবলৈ যায়৷ কিন্তু ঘৰুৱা দুৰ্যোগৰ বাবে পঢ়া আধৰুৱাকৈ এৰি ১৯১৭ চনত অসমলৈ উভতি আহে৷ পিছত এবাৰ কলিকতাৰ সংস্কৃত কলেজত নাম ভৰ্তি কৰিছিল যদিও শাৰিৰীক অসুস্থতাৰ বাবে উভতি আহিবলগীয়া হয়৷ পিছত তেওঁ “হুগলী কলেজ’’তো নাম ভৰ্তি কৰিছিলগৈ৷ কিন্তু ভাৰতৰ অসহযোগ আন্দোলনৰ বাবে পঢ়া এৰি তেওঁ আন্দোলনত নামি পৰে৷[2] কৰ্মজীৱন১৯১৭ চনত কলিকতাৰ পৰা প্ৰথমবাৰ উভতি আহি নলবাৰী হাইস্কুলত শিক্ষক হিচাপে যোগ দিয়ে৷ তাৰপিছত দ্বিতীয়বাৰ পঢ়িবলৈ কলিতালৈ গৈ উভতি আহি, ধিং মৌজাৰ এক্টিং মৌজাদাৰৰূপে তিনিবছৰমান(১৯২৪-১৯২৭) কাম কৰি পিছত কৃষি কাৰ্যত মনোনিৱেশ কৰে৷ ১৯৩৩ চনৰ পৰা মৌজাদাৰী পাই সেই কামতে জীৱনৰ শেষ সময়লৈ থাকে৷[2] মৃত্যু১৯৬৩ চনত ৰত্নকান্ত বৰকাকতীৰ মৃত্যু হয়।[2] সাহিত্যকৃতিঅতি কম বয়সতে সাহিত্য চৰ্চাত ব্ৰতীহোৱা বৰকাকতীয়ে সাহিত্যিক জীৱন আৰম্ভ কৰে "উষা" আলোচনীৰ জৰিয়তে। ইয়াৰ উপৰিও বাঁহী আৰু চেতনা আলোচনীতো তেখেতৰ গীতিকবিতা প্ৰকাশ হয়। সাহিত্যাচাৰ্য্য যজ্ঞেশ্বৰ শৰ্মাই বৰকাকতীৰ কবিতাক পাঁচটা ভাগত ভগাইছে
(১) প্ৰেম আৰু ভালপোৱা
(২)কবি আৰু কাব্য সমন্ধীয়
(৩)শোকৰ কবিতা
(৪) পৌৰাণিক আৰু ঐতিহাসিক
(৫)জীৱন সমন্ধীয় কবিতা[3]
প্ৰকাশিত গ্ৰন্থৰাজী
স্বীকৃতি আৰু সন্মান১৯৬৩ চনৰ নাজিৰা অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি[1]। তথ্য সংগ্ৰহ
গ্ৰন্থ সংযোগ
|