Share to: share facebook share twitter share wa share telegram print page

 

মঙলদৈ


মঙলদৈ
—  নগৰ/মহকুমা  —
মঙলদৈ সনাতন ধৰ্ম সভা
মঙলদৈ সনাতন ধৰ্ম সভা
মঙলদৈ
মঙলদৈৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°26′00″N 92°02′00″E / 26.4333°N 92.0333°E / 26.4333; 92.0333
দেশ  ভাৰত
ৰাজ্য অসম
জিলা দৰং
জনসংখ্যা 23,854 (2001)
লিঙ্গ অনুপাত 923:1000 /
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


33 m m (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "m" ft)

ক'ড
ৱেবছাইট darrang.nic.in

মঙলদৈ (ইংৰাজী: Mangaldoi) অসমদৰং জিলাৰ এখন মুখ্য নগৰ। এই নগৰখন মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ ওখপাৰত অৱস্থিত। নগৰখনৰ আৰম্ভনি কৰোতা সকল আছিল ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বনিক চাহাবসকল। ইংৰাজ সকলে কোচ ৰজাৰ পৰা দৰং ৰাজ্য কাঢ়ি লৈ মঙলদৈতে দৰঙৰ শাসন কেন্দ্ৰ স্থাপন কৰে। ১৯৮৩ চনত প্ৰয়াত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমৰ জিলাসমূহক পূনৰ্গঠন কৰা হৈছিল। সেইমতে ১৯৮৩ চনৰ জুলাইত অবিভক্ত দৰং জিলাৰ দুটা মহকুমা- মঙ্গলদৈ আৰু তেজপুৰক জিলা পৰ্যায়লৈ উন্নিত কৰা হয় আৰু নৱগঠিত জিলা দুখনক ক্ৰমে দৰং আৰু শোণিতপুৰ বুলি নামকৰণ কৰা হয়। নৱগঠিত দৰং জিলাৰ সদৰ স্থাপন কৰা হয় মঙলদৈ নগৰত আৰু আন এখন মহকুমা স্থাপন কৰা হয় ওদালগুৰিত । ইয়াৰ আগলৈকে মঙলদৈ আছিল একে নামৰ মহকুমাটোৰ সদৰ ঠাই।[1]

মঙলদৈ নামৰ উৎপত্তি

জনশ্ৰুতি অনুসৰি কোঁচ ৰজা পৰীক্ষীত নাৰায়নৰ কন্যা মঙ্গলাদেৱী বা মঙ্গলাকুৱৰীৰ বিবাহ আহোম স্বৰ্গদেউ চুখামফা বা প্ৰতাপ সিংহৰ সতে এই ঠাইতে হোৱা বাবে এই ঠাইৰ নাম মঙ্গলদৈ হয়। কিন্তু বুৰঞ্জীবিদ সকলৰ মতে মঙ্গলাদেৱীৰ বিয়া যিহেতু কোঁচ হাজোতহে সম্পন্ন হৈছিল গতিকে তেওঁৰ বিয়াৰ দিনতো স্মৰনীয় কৰি ৰাখিবলৈ ঠাইখনৰ নাম মঙ্গলদৈ ৰখা কথাত সন্দেহ আহি পৰে। আন এক জনশ্ৰুতি অনুসৰি বৰনদী, ন-নৈ, নোৱানৈ, কুলশী, মঙ্গলদৈ আদি নৈ সমূহৰ জলৰাশীৰে আৰ্দ্ৰ অঞ্চলৰ লগতে তীৰস্থ ভূখণ্ডক মঙ্গলদৈ (পবিত্ৰ পানীৰে বিধৌত ঠাই) বোলা হৈছিল। যিহেতু এই নদীসমূহৰ পাৰস্থ অৰণ্যই মানুহৰ উপকাৰত অহা নানা সম্পদ অধিবাসীসকলক যোগান ধৰিছিল সেয়েহে এই অঞ্চলটো বুজাবলৈ আৰ্য শব্দ 'মঙ্গল'ৰ সতে বড়ো শব্দ 'দৈ' (পানী) যোগ হৈ এক নতুন স্থানবাচক শব্দ 'মঙ্গলদৈ'ৰ উৎপত্তি হোৱা বুলিও কোৱা হয়। ইংৰাজ কেপ্তেইন টমাছ ৱেলছ চাহাবে ,এই ঠাইত তেওঁ কৰা কাৰ্যৱলীৰ টোকা কমিচনাৰ চাহাবৰ ওচৰলৈ পঠোৱাৰ সময়তো মঙ্গলদৈ নামকে ব্যৱহাৰ কৰিছে। প্ৰবাদ আছে যে সেই সময়ত জনজাতীয় লোকসকল যেতিয়া বেহা বেপাৰ বা চৰকাৰী কাম সংক্ৰান্তত ইয়ালৈ আহিছিল তেতিয়া হেনো মৌ-গাল-দি'ৰ পৰা আহিলোঁ বুলি কৈছিল। বোধহয় তেতিয়া ইংৰাজসকলে উচ্চাৰণ কৰা 'Mungledye' শব্দৰ অনুকৰণ কৰোঁতে উচ্চাৰণ বিভ্ৰাট হৈ মৌ-গাল-দি হৈছিল।[2][3]

ভৌগোলিক অৱস্থান

মঙলদৈ নগৰখনৰ পূব আৰু দক্ষিন পশ্চিমে থকা প্ৰধান নগৰ দুখন হৈছে ক্ৰমে তেজপুৰ আৰু গুৱাহাটী। মঙলদৈৰ পৰা গুৱাহাটীৰ দূৰত্ব ৬৮ কি.মি. আৰু তেজপুৰৰ দুৰত্ব ১১৩ কি.মি.। ভূ-ভাগৰ ভৌগোলিক অৱস্থান নিৰ্ণায়ক অঙ্ক মতে মঙলদৈ ২৬.২৫'৬০" উত্তৰ অক্ষাংশ আৰু ৯২.১'৬০ পঃ দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা নগৰখনৰ উচ্চতা ৩৩ মিটাৰ[4]

জলবায়ু

আৰ্দ্ৰভূমিৰ এই নগৰৰ জলবায়ু গৰমকালি ঘৰ্মাক্ত গৰম আৰু শীতত শুকান ঠাণ্ডা পৰে। নগৰখনৰ সাধাৰণ তাপমান ৩৬.৪০ ডিগ্ৰী আৰু ৮.৪ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত থাকে। নগৰখনৰ ওপৰত বৰষূণৰ বাৰ্ষিক গড় ১৯৯৪.৪ ছে.মি.।

উল্লেখযোগ্য ঠাই

  • জিলা সংগ্ৰাহলয়
  • মহাত্মা গান্ধী উদ্যান
  • বিষ্ণু মন্দিৰ
  • ৰজা হাউলী
  • বৰ মছজিদ

আলোকচিত্ৰ ভঁৰাল

তথ্য সংগ্ৰহ

  1. http://darrang.nic.in/darrang_files/dist.htm
  2. মঙলদৈ নগৰৰ ইতিহাস, শ্ৰী ধনপতি কলিতা
  3. Glimpses Into the History of Assam by Promotha Nath Dutta
  4. "Maps, Weather, Videos, and Airports for Mangaldai, India". Fallingrain.com. http://www.fallingrain.com/world/IN/03/Mangaldai.html। আহৰণ কৰা হৈছে: 2013-02-27. 


Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya