Share to: share facebook share twitter share wa share telegram print page

সত্যৱতী

সত্যৱতী
মহাভাৰতৰ চৰিত্ৰ
তথ্য
পৰিয়াল উপৰিসৰা বসু (পিতৃ)
দাসৰাজ (পালিত পিতৃ)
দাম্পত্যসঙ্গী শান্তনু
সন্তান বেদব্যাস,
চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্য

সত্যৱতী বা মৎস্যগন্ধা (ইংৰাজী: Satyavati; সংস্কৃত: सत्यवती‌‌‌) আছিল কুৰুৰাজ শান্তনুৰ পত্নী, ব্যাস (পৰাশৰৰ সৈতে), চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ (শান্তনুৰ সৈতে) মাতৃ।[1][2]

পৰাশৰ, সত্যৱতী আৰু বেদব্যাস

যমুনানদীৰ খেয়া নৌকাৰ ভিতৰত পৰাশৰ মুনি আৰু সত্যৱতীৰ মিলনৰ ফলত সত্যৱতী গৰ্ভৱতী হয়। পিছলৈ যমুনাৰ এটা দ্বীপত তেওঁৰ জন্ম হয়। ব্যাসৰ জন্মৰ পিছত ঋষি পৰাশৰ আশীৰ্বাদত সত্যৱতী আকৌ কুমাৰ্য্য লাভ কৰিছিল। যমুনাৰ দ্বীপত জন্মগ্ৰহণ কৰা বাবে ব্যাসৰ আন এটা নাম হ’ল দ্বৈপায়ন। তেওঁৰ দেহৰ বৰ্ণ ক'লা আছিল, সেয়ে তেওঁৰ সম্পূৰ্ণ নাম কৃষ্ণ-দ্বৈপায়ন। তেওঁৰ শিৰত কপিল বৰ্ণৰ জটা আছিল। চকু উজ্জ্বল আৰু মুখত পিঙ্গল বৰ্ণৰ দাড়ি আছিল। তেওঁ তপস্যাৰ বলত মহৰ্ষিত্ব লাভ কৰি বেদক চাৰি ভাগত ভাগ কৰিছিল। সেইবাবে তেওঁ বেদব্যাস বা 'ব্যাস' নামে পৰিচিত।[2] জন্মৰ পিছতেই তেওঁ মাতৃ সত্যৱতীৰ পৰা অনুমতিলৈ তপস্যাৰ বাবে যাত্ৰা কৰে। তেওঁ বদৰিকাশ্ৰমত তপস্যা কৰিছিল। সেইকাৰণে তেওঁ বাদৰায়ণ নামেও জনাজাত।

বংশধৰ

পৰাশৰৰ পুত্ৰ ব্যাসৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্য নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্য্যৰ দুই বিধবা ৰাণী অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।[1]

বংশলতা

কুৰু
 
 
 
 
গংগা
 
শান্তনু
 
সত্যৱতী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
পৰাশৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ভীষ্মচিত্ৰাঙ্গদঅম্বিকা
 
বিচিত্ৰবীৰ্য
 
অম্বালিকাব্যাস
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ধৃতৰাষ্ট্ৰ
 
গান্ধাৰীশকুনি
 
কুন্তী
 
পাণ্ডু
 
মাদ্ৰী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
কৰ্ণযুধিষ্ঠিৰভীমঅৰ্জুন
 
সুভদ্ৰানকুলসহদেৱ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
দুৰ্যোধনদুঃশলাদুঃশাসন(অন্য ৯৮ জন পুত্ৰ)
 
 
 
 
 
 
অভিমন্যু
 
উত্তৰা
 
 
 
 
পৰীক্ষিত
 
মাদ্ৰৱতী
 
 
 
 
জন্মেজয়

সাংকেতিক চিহ্ন

  • পুৰুষ: নীলা পৰিধি
  • মহিলা: ৰঙা পৰিধি
  • পাণ্ডৱ: সেউজীয়া বাকছ
  • কৌৰৱ: হালধীয়া বাকছ


তথ্য সংগ্ৰহ

  1. 1.0 1.1 শৰ্মা, ড॰ সত্যেন্দ্ৰনাথ (1996). মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী. https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up। আহৰণ কৰা হৈছে: ২ জুন ২০২০. 
  2. 2.0 2.1 প্ৰদীপ শইকীয়া. কথা মহাভাৰত. বনলতা প্ৰকাশন (একাদশ প্ৰকাশন : মাৰ্চ ২০১৫). ISBN 81-7339-384-2. 
Kembali kehalaman sebelumnya