Share to: share facebook share twitter share wa share telegram print page

অসমৰ ৰাজ্যপালসকলৰ তালিকা

অসমৰ ৰাজ্যপাল

অসমৰ ৰাজ্যিক প্ৰতীক
বৰ্তমান পদাধিকাৰী
লক্ষ্মণ আচাৰ্য

৩০ জুলাই ২০২৪ -ৰ পৰা
সম্বোধন His Excellency
চৰকাৰী বাসগৃহ ৰাজ ভৱন; গুৱাহাটী
নিয়োগকৰ্তা ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল ৫ বছৰ
প্ৰথম পদাধিকাৰী নিক'লাছ ড'ড্ বে'ল
গঠন ১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৭ বছৰ পূৰ্বে)

ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।

ক্ষমতা আৰু কাৰ্য্যাৱলী

ৰাজ্যপাল এজনৰ ওচৰত নিম্নোক্ত বিভিন্ন ক্ষমতা সমূহ নিহিত থাকে:

  • কাৰ্যপালকৰ ক্ষমতা : প্ৰশাসন, নিযুক্তি আৰু বৰ্খাস্তকৰণৰ ক্ষমতা
  • বিধানমণ্ডলীয় ক্ষমতা : আইন প্ৰণয়ন সম্পৰ্কীয় আৰু বিধানমণ্ডল (অৰ্থাত, বিধান সভা আৰু বিধান পৰিষদৰ সৈতে যুক্ত ক্ষমতা) আৰু
  • বিবেকাধীন ক্ষমতা : ৰাজ্যপালৰ নিজস্ব চিন্তাধাৰা আৰু বিবেকেৰে চালিত কাৰ্যসমূহ

অধীকৃত অসমত ব্ৰিটিছ সামৰিক কমাণ্ডাৰ (১৮২৪-১৮২৬)

১৮২৪ খ্ৰীঃত ব্ৰিটিছ সামৰিক বাহিনীয়ে অসম অধিকাৰ কৰিছিল। ইয়াৰ আগেয়ে অসম কাহিনীও ভাৰত নাইবা বাৰ্মা (বৰ্তমান ম্যানমাৰ)ৰ অংশ নাছিল। জৰ্জ মেক্ ম'ৰিন, ১৮২৪

অসমৰ ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি (১৮২৬-১৮২৮)

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ অংশ বাৰ্মাৰ পৰা বৃটেইনলৈ হস্তান্তৰিত হৈছিল।

অসমৰ আয়ুক্তসকল (১৮২৮-১৮৭৪)

১৮২৮ চনত নামনি অসমক বংগ প্ৰভিন্সৰ লগত সংযুক্ত কৰা হয়, পৰৱৰ্ত্তী কালত ১৮৩৩ চনত অসমৰ বাকী অংশও বংগদেশৰ সৈতে সংযুক্ত হয়। বংগৰ গৱৰ্ণৰৰ অধীনত অসমৰ বাবে এজন আয়ুক্ত বা কমিছনাৰ নিযুক্তি দিয়া হৈছিল।

অসমৰ মুখ্য আয়ুক্তসকল(১৮৭৪-১৯০৫)

১৮৭৪ খ্ৰীঃত অসমক বংগ প্ৰেছিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু মুখ্য আয়ুক্তৰ প্ৰভিন্সৰ মৰ্য্যদা দিয়া হয়।

পূৰ্ব বংগ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰসকল (১৯০৫–১৯১২)

১৯০৫ চনত বংগদেশক দ্বি-বিভক্ত কৰি পূৰ্ব বংগ আৰু অসম গঠন কৰা হয়। ইয়াৰ শাসন চলাবৰ বাবে এজন লেফটেনেণ্ট গৱৰ্ণৰ নিযুক্তি দিয়া হয়।

অসমৰ মুখ্য আয়ুক্তসকল (১৯১২–১৯২১)

১৯১২ খ্ৰীঃত পূৰ্ব বংগক পুনৰ বংগ প্ৰেছিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হয়। অসমৰ প্ৰশাসনৰ বাবে আকৌ মুখ্য আয়ুক্ত নিযুক্ত হয়।

অসমৰ গৱৰ্ণৰসকল (১৯২১-১৯৪৭)

১৯২১ চনত মুখ্য আয়ুক্তৰ পদবীটোক গৱৰ্ণৰলৈ উন্নিতি কৰা হয়।

অসমৰ ৰাজ্যপালসকল

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকল ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হৈ আহিছে।

ক্ৰম চিত্ৰ নাম কাৰ্যকাল আৰম্ভণি কাৰ্যকাল শেষ
মহম্মদ চালেহ আকবৰ হাইদৰী ১৫ আগষ্ট ১৯৪৭ ২৮ ডিচেম্বৰ ১৯৪৮
ৰ'নাল্ড্ ফ্ৰান্সিছ ল'ড্জ্ ৩০ ডিচেম্বৰ ১৯৪৮ ১৬ ফেব্ৰুৱাৰী ১৯৪৯
শ্ৰী প্ৰকাশ ১৬ ফেব্ৰুৱাৰী ১৯৪৯ ২৭ মে' ১৯৫০
জয়ৰাম দাস দৌলতৰাম ২৭ মে' ১৯৫০ ১৫ মে' ১৯৫৬
ছৈয়দ ফজল আলি ১৫ মে' ১৯৫৬ ২২ আগষ্ট ১৯৫৯
চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা ২৩ আগষ্ট ১৯৫৯ ১৪ অক্টোবৰ ১৯৫৯
সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ ১৪ অক্টোবৰ ১৯৫৯ ১২ নবেম্বৰ ১৯৬০
বিষ্ণু সাহায় ১২ নবেম্বৰ ১৯৬০ ১৩ জানুৱাৰী ১৯৬১
সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ (দ্বিতীয় কাৰ্যকাল) ১৩ জানুৱাৰী ১৯৬১ ৭ ছেপ্টেম্বৰ ১৯৬২
১০ বিষ্ণু সাহায় ৭ ছেপ্টেম্বৰ ১৯৬২ ১৭ এপ্ৰিল ১৯৬৮
১১ ব্ৰজ্ কুমাৰ নেহৰু ১৭ এপ্ৰিল ১৯৬৮ ১৯ ছেপ্টেম্বৰ ১৯৭৩
১২ লাল্লান প্ৰসাদি সিং ১৯ ছেপ্টেম্বৰ ১৯৭৩ ১০ আগষ্ট ১৯৮১
১৩
প্ৰকাশ চন্দ্ৰ মেহৰ'ত্ৰা ১০ আগষ্ট ১৯৮১ ২৮ মাৰ্চ ১৯৮৪
১৪ ন্যায়ধীশ টি. এছ্. মিশ্ৰ ২৮ মাৰ্চ ১৯৮৪ ১৫ এপ্ৰিল ১৯৮৪
১৫ ন্যায়ধীশ দেৱী দাস ঠাকুৰ ২ মে' ১৯৯০ ১৭ মাৰ্চ ১৯৯১
১৬ লোকনাথ মিশ্ৰ ১৭ মাৰ্চ ১৯৯১ ১ ছেপ্টেম্বৰ ১৯৯৭
১৭ লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) শ্ৰীনিবাস কুমাৰ সিনহা ১ ছেপ্টেম্বৰ ১৯৯৭ ২১ এপ্ৰিল ২০০৩
১৮ অৰৱিন্দ্ দাৱে ২১ এপ্ৰিল ২০০৩ ৫ জুন ২০০৩
১৯ অজয় সিং ৫ জুন ২০০৩ ৪ জুলাই ২০০৮
২০ শিৱ চৰণ মাথুৰ ৪ জুলাই ২০০৮ ২৫ জুন ২০০৯
২১ কে শংকৰনাৰায়ণন ২৬ জুন্ ২০০৯ ২৭ জুলাই ২০০৯
২২ ছৈয়দ ছিবটে ৰাযি ২৭ জুলাই ২০০৯ ১০ নবেম্বৰ ২০০৯
২৩
জানকী বল্লভ পাটনায়ক ১১ নবেম্বৰ ২০০৯ ১১ ডিচেম্বৰ ২০১৪
২৪
পদ্মনাভন বালকৃষ্ণ আচাৰ্য্য ১২ ডিচেম্বৰ ২০১৪ ১৭ আগষ্ট ২০১৬
২৫ বানৱাৰীলাল পুৰোহিত ২২ আগষ্ট ২০১৬ ৩০ ছেপ্টেম্বৰ ২০১৭
২৬
জগদীশ মুখী ৩০ ছেপ্টেম্বৰ ২০১৭ ২২ ফেব্ৰুৱাৰী ২০২৩
২৭
গুলাব চান্দ কটাৰিয়া ২২ ফেব্ৰুৱাৰী ২০২৩ ২৯ জুলাই ২০২৪
২৭
লক্ষ্মণ আচাৰ্য ৩০ জুলাই ২০২৪ বৰ্তমানলৈকে

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

লগতে চাওক

Kembali kehalaman sebelumnya