১২ অক্টোবৰ (ইংৰাজী: 12 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৫তম (অধিবৰ্ষত ২৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮০টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
- ১৯৫৭ - ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয়।
- ১৯৮৬ - মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয়।
- ১৯৯০ - বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰে।
- ১৯৯৭ - দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা ছলমান খানক গ্লেপ্তাৰ কৰা হয়।
- ১৯৯৮ - সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
- ১৯৯৯ - পাকিস্তানত সামৰিক শাসন আৰম্ভ হয়। পাৰভেজ মুছৰফৰ ক্ষমতা দখল। নৱাব শ্বৰীফ গৃহবন্দী হয়।
- ১৯৯৯ - ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে।
জন্ম
মৃত্য
ছুটী আৰু দিৱস
বাহ্যিক সংযোগ
তথ্য সূত্ৰ