২৯ ডিচেম্বৰ (ইংৰাজী: 29 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬৩তম (অধিবৰ্ষত ৩৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৭২ - কলকাতাত মাটিৰ তলেৰে যোৱা ৰে’লপথ নিৰ্মাণ কৰা হয়।[1]
জন্ম
- ১৮৫৬ - টিকেন্দ্ৰজিৎ সিং, স্বাধীন মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ।
- ১৯১৭ - ৰামানন্দ সাগৰ, ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা।
- ১৯২৬ - নৱকান্ত বৰুৱা, অসমীয়া কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।
- ১৯৭৩ - টুইংকল খান্না, ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮৪ - ৰুবুল দাস, অসমীয়া লেখক, সাংবাদিক।
- ১৯৮৯ - কেই নিশিকোৰি, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ।
- ১৯৯১ - ৰিতু ৰাণী, ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক।
মৃত্যু
- ২০১৫ - ঔম প্ৰকাশ মলহোত্ৰা, ভাৰতীয় ৰাজনীতিবিদ।
- ২০২২ - পেলে, এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে। [2]
দিৱস
তথ্যসূত্ৰ
বাহ্যিক সংযোগ